মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলুৰ ৰোগসমূহ

ৰোগবিধৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ

১. এই ৰোগবিধৰ নিয়ন্ত্ৰণৰ বাবে কোনো উপায় এতিয়ালৈ ওলোৱা নাই। আনুবিক্ষণীক পৰীক্ষাৰ দ্বাৰা গ্ৰেইনেজৰ সময়ত ৰুগীয়া কণীসমূহ আঁতৰ কৰা আৰু পালনৰ সময়ত ৰুগীয়া পলুসমূহ আঁতৰ কৰাই হল এই ৰোগবিধৰ বিৰুদ্ধে একমাত্ৰ প্ৰতিৰোধমূলক ব্যৱস্থা। কৰ্ষণ প্ৰক্ৰিয়া, অন্তঃদ্বাৰ কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰতিৰোধমূলক ব্যৱস্থা লব পাৰি, কিন্তু মুগা পলুৰ বহিঃদ্বাৰ পালনৰ ক্ষেত্ৰত সংক্ৰমণ বহিৰাগত উত্সৰ পৰাও আহিব পাৰে।

২. পলুকণী উত্পাদনত পেব্ৰিন ধৰা পেলাবৰ বাবে প্ৰত্যেকটো মাতৃ আৰু পৰীক্ষা কৰাৰ বৈজ্ঞানিক পৰিদৰ্শন পদ্ধতি অনুসৰণ কৰক। গ্ৰেইনেজ যন্ত্ৰপাতিসমূহ, প্ৰত্যেক গ্ৰেইনেজ কাৰ্যকলাপৰ আগত আৰু পাছত ২ শতাংশ ফৰ্মেলিনেৰে সংক্ৰমণমুক্ত কৰাৰ অভ্যাস কৰক।

৩. কেৱল আনুবিক্ষণীকভাৱে পৰীক্ষাকৃত ৰোগমুক্ত সংক্ৰমণমুক্ত কণীৰ ব্যৱহাৰ সুনিশ্চিত কৰক।

৪. ২ শতাংশ ফৰ্মেলিনেৰে ৫ মিনিটৰ বাবে কণীসমূহৰ উপৰিভাগ নিৰ্বীজন কৰাৰ অভ্যাস কৰক।

৫. কণী উত্পাদন গৃহ আৰু পালন অঞ্চলত স্বাস্থ্যবিধিসন্মত অৱস্থা বজাই ৰাখক।

৬. প্ৰাথমিক ভঁৰাল তদাৰকৰ বাবে পালনৰ কোষীয় পদ্ধতি অনুসৰণ কৰক।

৭. ব্যৱহাৰৰ আগতে পালনৰ যন্ত্ৰপাতিসমূহ সংক্ৰমণমুক্ত কৰি লোৱাৰ অভ্যাস কৰক।

৮. পালনৰ সময়ছোৱাত সময়ে সময়ে মলজাতীয় পদাৰ্থসমূহ অসমান/অলস/অস্থিৰ/অনিয়মীয়া moulter সমূহ পৰীক্ষা কৰক। যদিহে পেব্ৰিন স্পৰসমূহ চিহ্নিত হয়, গোটেইখিনি সংক্ৰমিত শস্যক নাকচ কৰক।

৯. ৰোগগ্ৰস্ত পাট পলু/লেটা-গুটি/মথ/কণীসমূহ নষ্ট কৰাৰ উপায়সমূহ সুনিশ্চিত কৰক।