মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলুৰ ৰোগসমূহ

সংঘটন

  • পেব্ৰিন ৰোগে মুগা পাট পলুক সকলো কালতে আক্ৰমণ কৰে। বেলেগ বেলেগ কালত ৰোগবিধৰ প্ৰৱলতাৰ পাৰ্থক্য থাকে। বসন্ত আৰু শৰতৰ সময়ত অনুকূল জলবায়ুৰ বাবে ৰোগবিধৰ প্ৰকোপ কমে। গ্ৰীষ্ম আৰু শীতকালত সংক্ৰমণ সৰ্বাধিক হয়।
  • গ্ৰীষ্মৰ মাহকেইটাৰ অতি বেছি প্ৰতিকূল বতৰে পলুক দুৰ্বল কৰি পেলায় আৰু সিহঁত ৰোগগ্ৰাহী হৈ পৰে। এক স্বাস্থ্যবান প্ৰজাতিয়ে এটা নতুন পৰিবেশত ৰোগবিধ একৰকম প্ৰতিৰোধ কৰিব পাৰে।

ৰোগবিধৰ উত্স আৰু ব্যাপ্তি

ৰোগবিধ তলত দিয়া উত্সসমূহৰ পৰা বিয়পে-

  • পালনকাৰীসকলে ৰোগমুক্ত মানপত্ৰিত সঁচসমূহ ব্যৱহাৰ নকৰে আৰু সেয়েহে পেব্ৰিনৰ বাবে মুগা খেতিৰ লোকচান নিতান্তই সাধাৰণ।
  • সংক্ৰমিত কণীৰ পৰা খৰিকা।
  • অশুষ্ফুটনৰ সময়ত পলুবিধ কণী খোলাৰ পৰা সংক্ৰমিত হয়।
  • সংক্ৰমিত কণী খোলাৰ উপযোগ
  • সংক্ৰমিত গ্ৰেনেইজ যন্ত্ৰপাতি
  • সংক্ৰমিত সঁচৰ লেটা গুটি ক্ৰয়
  • সংক্ৰমিত পলু
  • মেকনিয়াম আৰু পলু স্কেলচ্
  • গ্ৰেইনেজৰ ধূলি
  • গ্ৰেইনেজ বিভাগৰ কৰ্মী তথা বতাহৰ জৰিয়তে
  • বিশেষকৈ, ধাৰক গছৰ সংক্ৰমিত পাত ভক্ষণ
  • সংক্ৰমিত পলুৰ মলজাতীয় পদাৰ্থসমূহ
  • সংক্ৰমিত পলুৰ পেলনীয়া ছাল
  • সংক্ৰমিত গছৰ পাতসমূহ
  • সংক্ৰমিত পালিত অঞ্চল
  • সংক্ৰমিত পালিত যন্ত্ৰপাতিসমূহ
  • পেথগেন থকা অভ্যন্তৰৰ ৰস আৰু বমি, যিয়ে পালনৰ পৰিবেশক প্ৰদূষিত কৰে।
  • বংশানুক্ৰমিকভাৱে সংক্ৰমিত পলু।
  • মাখি আৰু পখিলাই পৰজীৱিসমূহ কঢ়িয়াই আনি বহিঃদ্বাৰ পালনত মুগা পলুসমূহ, সংক্ৰমিত কৰিব পাৰে। এনে ধৰণৰ সংক্ৰমণ মুগা আৰু তচ পলুত প্ৰায়েই দেখা যায়।