মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলুৰ ৰোগসমূহ

গ্ৰেছেৰি (ফুলা ৰোগ)

বৰলিনা ভাইৰাছৰ দ্বাৰা সৃষ্টি এইটো এটা ভাইৰাছজনিত ৰোগ, এড়ী পাটপলুত ইয়াৰ প্ৰাদুৰ্ভাৱ কম।

কাৰণসমূহ-

১. উচ্চ উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা

২. পলিহেড্ৰাৰ দ্বাৰা সংক্ৰমিত পাত ভক্ষণ

৩. নিম্ন মানৰ বায়ু চলাচল আৰু অনাময় ব্যৱস্থা

৪. সঠিকভাৱে তল পৰিস্কাৰ নকৰা

৫. কোমল আৰু ভিজা পাত ভক্ষণ

৬. মল জাতীয় পদাৰ্থ আহৰণ

৭. পলুসমূহ অত্যধিকভাৱে পূৰ্ণ কৰি ৰখা

লক্ষণসমূহ

১. মন্থৰ চাল-চলন

২. পলুসমূহ অস্থিৰ হৈ পৰা

৩. ছাল উজ্জ্বল হৈ পৰা

৪. খামুচি ধৰিব পৰা ক্ষমতা হ্ৰাস

৫. ওপৰভাগটো তললৈ কৰি পৰি ৰোৱা

৬. অংশসমূহৰ মাজত ফুলা

৭. ছাল হালধীয়া হৈ পৰা

৮. মলদ্বাৰ বহল হৈ যোৱা

৯. পায়ুত ময়লা জমা হোৱা।

নিয়ন্ত্ৰণৰ উপায়সমূহ-

১. পালন গৃহ/যন্ত্ৰপাতিসমূহৰ ফলপ্ৰসূ সংক্ৰমণমুক্তকৰ

২. পলুসমূহ অত্যধিকভাৱে ৰখাৰ পৰা বিৰত থকা

৩. সঠিক অনাময় আৰু স্বাস্থ্য বিধি

৪. পৈণত হব পৰা পলুসমূহক কোমল পাত ভক্ষণ কৰোৱাৰ পৰা বিৰত ৰখা

৫. তলখন সঠিকভাৱে পৰিস্কাৰ কৰি ৰখা

৬. মলমূত্ৰ আহৰণৰ পৰা দূৰত ৰখা

৭. ৰুগীয়া পলুসমূহ ধ্বংস কৰা

৮. ব্লিচিং পাউদাৰ আৰু চূণ ছটিওৱা।