মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলুৰ ৰোগসমূহ

সকলো প্ৰকাৰৰ পাটপলুৰ প্ৰটযোৱা বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰৰ দ্বাৰা সৃষ্ট বিভিন্ন ৰোগগ্ৰাহী। বেলেগ বেলেগ প্ৰকাৰৰ পাটপলুত, প্ৰত্যেক বিধ ৰোগৰে প্ৰৱলতা পৃথক হব পাৰে।

পেব্ৰিন (ফুটুকা)

ইয়াক স্থানীয়ভাৱে ফুটুকাৰোগ বুলি কোৱা হয়। মুগা পাট পলুত হোৱা ই হল আটাইতকৈ সংকটজনক ৰোগ। প্ৰাথমিক পৰ্যায়তে পেথগেন স্পৰ বোৰৰ দ্বাৰা গভীৰ সংক্ৰমন হয়, পাছৰ পৰ্যায়লৈ সম্পূৰ্ণভাৱে শস্যসমূহ বিফল হয়, কিন্তু কেতিয়াবা সংক্ৰমিত পলুসমূহৰ দ্বাৰা ক্ষীণ লেটাগুটি পাক খায়।

অনিয়মিত জীৱ– অনিয়মিত জীৱ হল প্ৰটযোৱা, নজেমা এচ.পি.

সংক্ৰমণৰ পথ-

১. মাতৃ মথৰ জৰিয়তে

২. অনুপযুক্তভাৱে কণীৰ উপৰিভাগ নিৰ্বীজন

৩. পৰৰ দ্বাৰা সংক্ৰমিত পাত ভক্ষণ

৪. মলজাতীয় বস্তু আহৰণ

৫. পালিতগৃহ আৰু সা-সৰঞ্জামসমূহত সংক্ৰমণ

৬. লিত গৃহ আৰু ইয়াৰ সা-সৰঞ্জামসমূহ অপৰ্যাপ্তভাৱে সংক্ৰমনযুক্ত কৰণ।

লক্ষণসমূহ

পলুসমূহে ভোক হেৰুৱায়, বিকাশ মন্থৰ হয়, আকাৰত অসমান হয় শৰীৰটো সামান্যভাৱে সৰু হৈ যায়, নিস্তেজ হৈ পৰে, ছালত অনিয়মীয়াভাৱে কলা, জালুকৰ দৰে দাগ পৰে।

নিয়ন্ত্ৰণৰ উপায়সমূহ-

১. পালন গৃহ, যন্ত্ৰপাতি আৰু সা-সৰঞ্জামসমূহৰ ফলপ্ৰসূ সংক্ৰমণযুক্তকৰণ

২. কাৰ্যকৰীভাৱে কণীৰ উপৰিভাগ নিৰ্বীজন

৩. কঠোৰভাৱে আনুবিক্ষণীক পৰীক্ষা

৪. সঠিক অনাময় আৰু স্বাস্থ্যবিধি

৫. ৰুগীয়া আৰু পচন ধৰা পাত ভক্ষণৰ পৰা বিৰত ৰাখক

৬. পৰ্যাপ্ত প্ৰতিষেধক উপায় গ্ৰহণ