মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলুৰ ৰোগসমূহ

সংক্ৰমণৰ ধৰণ

  • দুই ৰণৰ সংক্ৰমণ, সেয়া হল- কণীৰ জৰিয়তে মাতৃ পলুৰ পৰা যাক ট্ৰানজভেৰিয়েল সংক্ৰমণ বুলি কোৱা হয় আৰু সংক্ৰমিত পাত ভক্ষণৰ জৰিয়তে, যাক কোৱা হয় ট্ৰানজৰেল সংক্ৰমণ।
  • ৰোগবিধ সংক্ৰমিত মাতৃৰ পৰা সন্তানলৈ ট্ৰানজভেৰিয়েল/ট্ৰানজভাম পদ্ধতিৰ দ্বাৰা স্থানান্তৰ হয় আৰু ইয়াক প্ৰাথমিক সংক্ৰমণ বুলি কোৱা হয়। যদিহে সংক্ৰমণটো প্ৰাথমিক হয়, ৫০ শতাংশতকৈও অধিক পলুৰ তৃতীয় পৰিৱৰ্তনৰ আগেয়ে মৃত্যু হয় আৰু খুব কমেইহে কোনো পলু সূচা কটা পৰ্যায়লৈ যাব পাৰে।
  • যদিও কণীৰ জৰিয়তে সংক্ৰমণ হোৱাটো বেমাৰবিধৰ যোগাযোগৰ মুখ্য উত্স, প্ৰাকৃতিক অৱস্থাতো পেব্ৰিন স্পৰৰ দ্বাৰা পাতৰ সংক্ৰমণ হব পাৰে। যেতিয়া স্বাস্থ্যবান পলু এটা পালনৰ সময়ত হোৱা সংক্ৰমণৰ জৰিয়তে সংক্ৰমিত হয়, ইয়াক আনুষঙ্গিক সংক্ৰমণ বুলি কোৱা হয়। পলুৰ জীৱন প্ৰক্ৰিয়াৰ চতুৰ্থ পৰ্যায়ৰ সময়ত আনুষঙ্গিক সংক্ৰমণ হলে, শক্তিহীন লেটা-গুটি সৃষ্টি হয়। প্ৰক্ৰিয়াৰ পঞ্চম স্তৰত পলু আক্ৰান্ত হলে ভালদৰে লেটা-গুটি সৃষ্টি হয়