মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলুৰ ৰোগসমূহ

মুগা পাট-পলুৰ প্ৰটযৱা ৰোগ

মুগা পাট পলুৱে গুৰতৰভাৱে পেব্ৰিনত ভোগে। পেব্ৰিন ৰোগবিধক অসমীয়াত স্থানীয়ভাৱে ফুটুকা (ছাই উঠা) বুলি জনা যায় আৰু নজেমাটিদে পৰিয়ালৰ নজেমাবমবিকিছ নামৰ পৰজীৱি প্ৰটযবা বিধৰ দ্বাৰা সৃষ্ট। নজেমা পৰজীৱীয়ে ভ্ৰুণ, পলু, লেটা, কীটবিধৰ শৰীৰৰ সকলো কলা আক্ৰমণ কৰে। ৰোগবিধ পলুকণীৰ জৰিয়তে সংক্ৰমিত মাতৃ পলুৰ পৰা সন্তানলৈ যান্ত্ৰিকভাৱে গুচি যায়। যদিহে সংক্ৰমিত পলুসমূহ চিনাক্ত কৰা আৰু সেইসমূহক পৰিত্যাগ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নহয়, এটা মহামাৰী আৰম্ভ হৈ যায় আৰু সকলো ধাৰক পলুৱেই সংক্ৰমিত হয় আৰু ডিমৰ জৰিয়তে পৰৱৰ্ত্তী প্ৰজন্মলৈ ৰোগবিধ কঢ়িয়াই লৈ যোৱা হয়। ১৮৭০ চনতেই লুইচ পেষ্টিউৰৰ দ্বাৰা ধাৰকৰ জননেন্দ্ৰিয়ৰ জৰিয়তে হোৱা এই অংকুৰণ সংক্ৰমণৰ প্ৰক্ৰিয়া প্ৰতিপন্ন কৰা হৈছিল।

ইয়াৰ জীৱন প্ৰক্ৰিয়াত দুটা পৰ্যায় আছে, সেয়া হল স্পৰ পৰ্যায় আৰু ধৰ্বনশীল পৰ্যায়। নজেমা এচ.পিৰ জীৱন প্ৰক্ৰিয়া, শীতকালত সংক্ৰমণৰ এসপ্তাহ পাছত আৰু গ্ৰীষ্মকালত চাৰি দিন পাত সম্পূৰ্ণ হয়। পলুৰ পৰীক্ষা হল আটাইতকৈ প্ৰয়োজনীয়। এই ৰোগটো নিয়ন্ত্ৰণ কৰিবলৈ মাতৃ পলুৰ পৰীক্ষা হল একমাত্ৰ পদ্ধতি। চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ স্বাস্থ্যবাৱ পলুও আনুষঙগিক সংক্ৰমণৰ বাবে পেব্ৰিনগ্ৰাহী হৈ পৰে, এনে ক্ষেত্ৰত পৰ্যায় তথা সংক্ৰমণৰ প্ৰখৰতাৰ ওপৰত নিৰ্ভৰ কৰি মুগা পাট পলুৰ বিকাশৰ ওপৰত প্ৰভাৱ পৰে। পৰীক্ষাৰ অন্তত ৰোগমুক্ত পলুকণীসমূহ পেব্ৰিনৰ বীজাণুসমূহ নষ্ট কৰিবলৈ ২ শতাংশ ফৰ্মেলিনেৰে ৫ মিনিটৰ বাবে ব্যৱহাৰ কৰিব লাগে। পেব্ৰিন ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ পালন গৃহটোৰ যন্ত্ৰপাতি আৰু সা-সৰঞ্জামবোৰ সংক্ৰমণৰ পৰা মুক্তকৰণ কৰা জৰুৰীভাৱে প্ৰয়োজনী। (কিন্তু বহিঃদ্বাৰৰ ক্ষেত্ৰত উপায়সমূহ অনুসৰণ কৰিব নোৱাৰি, সংঘটিত হোৱা স্থানৰ বাহিৰে ৰোগবিধৰ প্ৰখৰতা কম কৰি থব পাৰি) কব পাৰি যে মুগা পাট পলুৰ পেব্ৰিন প্ৰটযৱাই প্ৰায় ৬ মাহ পাছত ইয়াৰ কাৰ্যকাৰিতা হেৰুৱায়।