মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলুৰ ৰোগসমূহ

লক্ষণসমূহ

কণী পৰ্যায়-

সংক্ৰমণৰ প্ৰাথমিক পৰ্যায়ঃ

১. সংক্ৰমিত ভ্ৰুণটো কণীৰ ভিতৰতে মৃত্যু হয়।

২. অশুষ্ফুটনৰ শতকৰা হাৰ বহু কম।

পলুৰ পৰ্যায়-

১. সংক্ৰমিত মুগা পাট পলু দেখাত স্বাভাৱিক। পাট পলুৰ কেৱল আনুবিক্ষণীক পৰীক্ষাইহে পেথগেনৰ স্পৰ পৰ্যায়ৰ উপস্থিতি ধৰা পেলাব পাৰে।

২. পলুটো হালধীয়া হৈ পৰে

৩. পলুৰ অনিয়মীয়া বৃদ্ধি স্পষ্টকৈ দেযা যায় আৰু তৃতীয় পৰিৱৰ্তনৰ আগতে ৫০ শতাংশতকৈও অধিক পলুৰ মৃত্যু হয়।

সংক্ৰমণৰ পাছৰ পৰ্যায়-

১. গুৰুতৰ সংক্ৰমণৰ অৱস্থাত, পৰজীৱিয়ে ছালখনৰ হাইপদাৰমেল কোষবিলাক আক্ৰমণ কৰাৰ লগে লগে ছালৰ কলা দাগসমূহে দেখা দিয়ে। এই কোষবোৰৰ ইয়াতে মৃত্যু হয় আৰু তাত মেলানছিছ দেখা যায় আৰু জালুকৰ দৰে গুটি দেখা যায়। ইয়াক অসমীয়াত ফুটুকা বুলি কোৱা হয়। সংক্ৰমিত পলুসমূহক বালিপৰামুগা বুলি জনা যায়। উজনি অসমৰ পৰা দুই ধৰণৰ ফুটুকাৰ প্ৰতিবেদন পোৱা যায়, ফুটুকাবোৰ যদি আকাৰত ডাঙৰ, ইয়াক হাতীফুটুকা বুলি জনা যায় আৰু যদি সৰু বালিফুটুকা বুলি জনা যায়। যেতিয়া সংক্ৰমণটো প্ৰাথমিক হয়, বেছিভাগ পলুৰেই দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মৃত্যু হয়। যদি সংক্ৰমণ আনুষঙ্গিক হয়, পলুসমূহে স্বাভাৱিক চাৰিটা পৰিৱৰ্তনৰ পৰিৱৰ্তে পাঁচ বাৰ পৰিৱৰ্তন হব পাৰে।

২. পাট পলুৰ কীটসমূহে ভোক হেৰুৱায়

৩. আকাৰৰ পাৰ্থক্য থাকে

৪. বৃদ্ধি বিলম্বিত হয়

৫. অনিয়মিতভাৱে পৰিৱৰ্তন হয়।

৬. পলুৰ ৰং, স্বাভাৱিক স্বাস্থ্যবান পলুৰ গভীৰ সেউজীয়া ৰঙৰ বিপৰীতে পাতল হালধীয়া সেউজীয়া হৈ পৰে।

৭. আক্ৰান্ত পলুৰ অপুষ্ট আৰু অলস হৈ পৰে।

৮. পৈণত পলুত, চিল্ক গ্ৰন্থিটো বেছিকৈ সংক্ৰমিত হয় আৰু এইদৰে চিল্ক গঠন ব্যাহত হয়।

৯. আগতীয়া চতুৰ্থ পলুৰ স্তৰৰ সময়ত যদি সংক্ৰমণ হয়, শক্তিহীন লেটা গুটি গঠন হয়, আনহাতে, পঞ্চম স্তৰত হোৱা সংক্ৰমণৰ ফলত তেজস্বী পলু সৃষ্টি হয় আৰু সুগঠিত লেটা-গুটিৰ সৃষ্টি কৰে।

লেটা পৰ্যায়

শৰীৰ উপৰিভাগত কলা দাগ বা ফুট দেখা যায়।

পলু পৰ্যায়-

১. পলুৰ শৰীৰৰ উপৰিভাগত কলা দাগ বা ফুট দেখা যায়।

২. ৰুগীয়া মাইকী পলুৱে সুস্থ সমূহতকৈ কম সংখ্যক কণী পাৰে।

ঘূৰ্ণীয়মান পৰ্যায়-

১. এটা শক্তিহীন লেটা-গুটি সৃষ্টি হয়।

২. খোলাৰ ওজন কম

৩. তন্তুৰ দৈৰ্ঘ্য কম।

৪. সূতাডাল সহজে চিঙে।