মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলু সঁচ প্ৰযুক্তি

মুক্ত পুলকণীৰ উপকাৰিতা

১. ব্যাপক পলুকণী উত্পাদন, তদাৰক কৰা, পৰিবহন আৰু পোৱালী যোগোৱাৰ বাবে সহজ। যোগানৰ আগতে নিম্ন মানদণ্ডৰ তথা অনিষিক্ত কণীসমূহৰ আঁতৰকৰণ সম্ভৱ কৰি তোলে।

২. উপৰিভাগ নিৰ্বীজন আৰু হাইড্ৰক্লৰিক এচিদ ব্যৱস্থা, বেছি কাৰ্যকৰী আৰু অভিন্ন।

৩. পৃথক উত্পাদন, বৰ্ণ অনুসৰি উত্পাদন, অঞ্চল আৰু বতৰ অনুসৰি উত্পাদন আদিৰ দৰে বৈজ্ঠানিক তথ্যসমূহৰ তুলনাৰ বাবে শ্বীট পলুকণীতকৈ অধিক সঠিক।

৪. শ্বীট কণী আৰু মুক্ত কণীৰ মাজৰ পাৰ্থক্য

শ্বীট কণী উত্পাদন

৫. কণী পাৰিবৰ বাবে শ্বেতসাৰৰ আৱৰণ বিহীন সাধাৰণ ক্ৰাফ্ট কাগজ ব্যৱহাৰ কৰা হয়।

৬. কণী পাৰিবৰ বাবে ব্যৱহৃত ক্ৰাফ্ট কাগজৰ আকাৰ ২২.৫ ছে.মি. x ২৮ ছে.মি.

৭. একোখন কাগজত, কণী পাৰিবলৈ ২০টা মথ এৰি দিয়া হয়।

৮. কণী পৰা অঞ্চলটো সীমিত কৰিবৰ বাবে মথসমূহৰ ওপৰত চেলিউল পাৰি দিয়া হয়।

৯. কাগজখনত লাগি ধৰা কণীসমূহৰ উপৰিভাগ নিৰ্বীজন আৰু এচিদ ব্যৱহাৰ কৰাৰ পাছত যোগান ধৰা হয়।

১০. P3, P2 আৰু P1উত্পাদন অনুসৰণ কৰা হয়।

১১. মুক্ত কণী উত্পাদন

১২. কণী পাৰিবৰ বাবে শ্বেতসাৰ আবৃত সাধাৰণ ক্ৰাফ্ট কাগজ ব্যৱহাৰ কৰা হয়। কণী পাৰিবৰ বাবে ব্যৱহৃত শ্বেতসাৰ আবৃত ক্ৰাফ্ট কাগজৰ আকাৰ ৬৫ ছে.মি x ৯৫ ছে.মি.।

১৩. প্ৰত্যেকখন ক্ৰাফ্ট কাগজত, কণী পাৰিবলৈ ২৫০ৰ পৰা ৩০০ মথ এৰি দিয়া হয়।

১৪. চেলিউল ব্যৱহাৰ কৰা নহয়, কিন্তু পথবোৰ কাগজখনত মুক্তভাৱে বিয়পাই দিয়া হয়।

১৫. কাগজখনত পৰা কণীসমূহ বন্ধনমুক্ত কৰা হয়, উপৰিভাগ নিৰ্বীজন কৰা হয়, এচিদ ব্যৱহাৰ কৰা হয়, পৰিমাপ কৰা হয়, মুক্ত কণীৰ বাকচত বন্ধা হয় আৰু পঠিয়াই দিয়া হয়।