মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলু সঁচ প্ৰযুক্তি

বৰ্ণসংকৰৰ বিশেষ উপকাৰিতা

  • কণীষ্ফুটন আৰু পলুৰ বিকাশ, দুয়োটাই উন্নত হয় আৰু লেটাৰ সময় হ্ৰাস হয়।
  • পাটপলুৱে প্ৰতিৰোধ ক্ষমতা লাভ কৰে, শক্তিশালী হৈ পৰে আৰু প্ৰতিকূল জলবায়ু অৱস্থাতো জীয়াই থাকিব পাৰে।
  • লেটাগুটিৰ উত্পাদনশীলতা একক লেটাগুটি আৰু একক খোলা ওজনৰ সৈতে বৃদ্ধি হয়।
  • পাটৰ তন্তু স্থূল আৰু সুদীৰ্ঘ হৈ পৰে।

গুণগত মানসম্পন্ন বিভলটিন বৰ্ণসংকৰ সঁচ উত্পাদন কৰিবলৈ প্ৰয়োজনীয় লেটাগুটিৰ সঁচৰ নিয়ম

তলত দিয়া নিয়মসমূহেৰে বিভলটিন সৃজনকাৰী লেটাগুটিৰ সঁচ ব্যৱহাৰ কৰি গুণগত মানসম্পন্ন বিভলটিন বৰ্ণসংকৰ সঁচৰ উত্পাদন প্ৰাপ্ত কৰিব পাৰি-

১. পেব্ৰিন ৰোগৰ পৰা মুক্তকৰণ।

২. অন্যান্য বৰ্ণসমূহৰ লগত মিশ্ৰণ হোৱাৰ পৰা মুক্তকৰণ।

৩. লেটা বন্ধাৰ হাৰ ৮০ শতাংশ বা তাৰ ওপৰত।

৪. প্ৰতি ১০০ ডি.এল.এফৰ বিপৰীতে ফচল ৪৫ কেজি বা তাৰ ওপৰত।

৫. প্ৰতিটো একক লেটাগুটিৰ গড় ওজন হল ১.৫৫ গ্ৰামৰ পৰা ১.৭৫ গ্ৰাম, অৰ্থাত্ প্ৰতি কেজি ৫৭০ৰ পৰা ৬৫০টা লেটাগুটি।

তলত দিয়া নিয়মসমূহেৰে মাল্টিভণ্টিন সৃজনকাৰী লেটাগুটিৰ সঁচ ব্যৱহাৰ কৰি গুণগত মানসম্পন্ন মাল্টিবটিন বৰ্ণসংকৰ সঁচৰ উত্পাদন কৰিব পাৰি-

১. পেব্ৰিন ৰোগৰ পৰা মুক্তকৰণ।

২. লেটা বন্ধাৰ হাৰ ৯০ শতাংশ বা তাৰ ওপৰত।

৩. প্ৰতি ১০০ ডি.এল.এফৰ ফচল ৪২ কেজি বা তাৰ ওপৰত।

৪. প্ৰতিটো একক লেটাগুটিৰ গড় ওজন হল ১.০০ গ্ৰাম