মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলু সঁচ প্ৰযুক্তি

পাটপলু সঁচ প্ৰযুক্তিবিদ্যা> সঁচ উত্পাদন গোটসমূহত বীজাণুমুক্তকৰণ আৰু অনাময়

সঁচ উত্পাদন গোটসমূহত বীজাণুমুক্তকৰণ আৰু অনাময় সফল গ্ৰেনেইজৰ কাৰ্যকলাপ সুনিশ্চিত কৰিবৰ বাবে গ্ৰেনেইজ আৰু সা-সৰঞ্জামসমূহ সঠিকভাৱে বীজাণুমুক্ত কৰিব লাগে। বীজাণুমুক্তকৰণ কাৰ্য দুই তপৰত শ্ৰেণীবিভাগ কৰিব পাৰি- (ক) প্ৰক্ষালন আৰু সিঞ্চন, (খ) কীট পতঙ্গ নিয়ন্ত্ৰণ।

(ক) প্ৰক্ষালন আৰু সিঞ্চন-

প্ৰথমতে ভৰাঁল ঘৰ আৰু ইয়াৰ সঁজুলিসমূহ পৰিস্কাৰ পানীৰে বা ব্লিচিং পাউদাৰেৰে সম্পূৰ্ণভাৱে পৰিস্কাৰ কৰা প্ৰয়োজন ২৪ ঘণ্টাৰ পাছত ৪ শতাংশ ফৰ্মেল ডিহাইড দ্ৰাৱক ছটিওৱা উচিত আৰু তাৰ পাছত ৪৮ ঘণ্টাৰ বাবে বায়ু অভেদ্য কৰি ৰাখিব লাগে।

(খ) কীট পতঙ্গ নিয়ন্ত্ৰণ

ফৰ্মেলিন ছটিওৱাৰ ৪৮ ঘণ্টা পাছত গ্ৰেনেইজটো বায়ু-অভেদ্য কৰি ৰাখি, ভিতৰত ৩৫ৰ পৰা ৪০ শতাংশ বাণিঝ্যিক ফৰ্মেল ডিভাইদ দ্ৰাৱক সিদ্ধ কৰা উচিত যাতে ফৰ্মেলিনৰ বাষ্পসমূহে সক্ৰিয়ভাৱে কোঠাটো বীজাণুমুক্ত কৰি ৰাখে। ৪৮ ঘণ্টা পাছত সঠিকভাৱে বায়ু আহ-যাহ কৰিবলৈ ঘলটো খুলি দিয়া উচিত আৰু পৰিস্কাৰ পানীৰ প্ৰক্ষালন কৰা উচিত। dfl উত্পাদন আৰু ভাল শস্য পাবলৈ তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা উচিত।

গ্ৰেনেইজত থোৱাৰ আগতে বীজাণুমুক্তকৰণ-

১. সঁচৰ গুটিসমূহ আহি পোৱাৰ আগতে গ্ৰেনেইজ সা-সৰঞ্জাম সহিতে বীজাণুমুক্তকৰণ কৰা উচিত আৰু তৈয়াৰ কৰি ৰখা উচিত।

২. কাৰ্যকলাপৰ ৫-৭ দিন আগতে গ্ৰেনেইজটো বন্ধ কৰি ৰখা উচিত।

৩. ৫ শতাংশ ব্লিচিং পাউদাৰ দ্ৰাৱকেৰে বেৰ তথা অন্যান্য ডাঙৰ যন্ত্ৰপাতিসমূহ নিষিক্ত কৰা উচিত।

৪. সৰু-সুৰা যন্ত্ৰপাতিসমূহ ৫ শতাংশ ব্লিচিং পাউদাৰৰ দ্ৰাৱকত ডুবাই দিয়া উচিত।

৫. ৩০ শতাংশতকৈ অধিক ক্লৰিনৰ সমল থকা উচ্চ শ্ৰেণীৰ ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰা উচিত।

৬. প্ৰতি ২.৫ বৰ্গমিটাৰত ১ লিটাৰত ২ শতাংশ ফৰ্মেল ডি হাইড দ্ৰাৱক আৰু ০.৫ শতাংশ চূণৰ মিশ্ৰণ ছটিওৱা উচিত আৰু কোঠাটো বন্ধ কৰি থোৱা উচিত।

৭. ভৰাঁল ঘৰটো সংক্ৰমণমুক্ত কৰোতে সংক্ৰামক নাশক মুখা, অভাৰকোট আৰু হাতত হাতমোজা ব্যৱহাৰ কৰ উচিত।

৮. ২ শতাংশ ফৰ্মেলিন দ্ৰাৱকৰ ১ লিটাৰত ৫ গ্ৰাম চূণৰ মিশ্ৰণ মিহলাই সতেজ সংক্ৰামক শক্তিনাশক প্ৰস্তুত কৰক।

৯. যিহেতু ২০C উষ্ণতাৰওপৰতহে ফৰ্মেলিন অধিক সক্ৰিয়, সেয়েহে গৰমৰ দিনত বাঞ্ছনীয়ভাৱে বীজাণুমুক্তকৰণ কৰক।

১০. উচ্চ আৰ্দ্ৰ অৱস্থাত, গ্ৰেনেইজত কৰা কাৰ্যৰ ঠিক পাছতেই আৰু নহলে অতি কমেও ৩-৪ দিন আগত ২৪ ঘণ্টাৰ বাবে ৫ শতাংশ ফৰ্মেল ডিভাইদ দ্ৰাৱকেৰে ঘৰটোৰ কীট-পতঙ্গ নিয়ন্ত্ৰণ হব পাৰে।

১১. সঁচৰ গুটিসমূহ মজুত কৰাৰ কমেও তিনি দিন আগতে বীজাণুমুক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

স্বাস্থ্য বিধি-

১. সংক্ৰমণৰ হাৰ কমাবলৈ সঁচৰ গুটিসমূহ এক তৰপীয়া মথখাচাত জমা কৰক, মৃতসমূহ আৰু গলিত গুটিসমূহ জ্বলাই দিয়ক।

২. গ্ৰেনেইজ কাৰ্যকলাপৰ সময়ত, হাত-মোজা, এপ্ৰন আৰু চেন্দেল ব্যৱহাৰ কৰক।

৩. একান্তৰ দিনৰ মূৰে মূৰে গ্ৰেনেইজ কক্ষৰ প্ৰৱেশদ্বাৰ আৰু চৌপাশে ১-২ মিটাৰলৈ প্ৰতি বৰ্গমিটাৰত ২০০ গ্ৰাম কৰি ব্লিচিং পাউদাৰ আৰু চূণৰ মিশ্ৰণ (১০০ গ্ৰাম ব্লিচিং পাউদাৰ আৰু ৯০০ গ্ৰাম চূণ) ছটিয়াই দিয়ক।

৪. ২ শতাংশ ফৰ্মেলিন আৰু ৫ শতাংশ ব্লিচিং পাউদাৰ দ্ৰাৱকেৰে নিয়মিতভাৱে মথ পৰীক্ষণ অঞ্চলসমূহ বীজাণুমুক্ত কৰক।

৫. যিমান পাৰি সিমান সোনকালে বিদীৰ্ণ গুটিসমূহ নিষ্পত্তি কৰক।

৬. ভগ্ন মথসমূহ কাগজ ইত্যাদিবোৰ ৫ শতাংশ ব্লিচিং পাউদাৰ দ্ৰাৱক ব্যৱহাৰ কৰাৰ পাছত গাঁতত পুতি থওঁক বা জ্বলাই দিয়ক।

৭. সদায় গ্ৰেনেইজ কক্ষৰ পৰা দূৰত গাঁত খান্দক।

৮. গ্ৰেনেইজ কক্ষত প্ৰৱেশ কৰাৰ আগেয়ে খাৰজাতীয় চাবোন আৰু ২ শতাংশ ব্লিচিং পাউদাৰেৰে হাত ধোঁৱক।

৯. ২ শতাংশ ফৰ্মেল ডিহাইড দ্ৰাৱকত ভিজা দলিচাত ভৰি থৈ চেন্দেলযোৰ বীজাণুমুক্ত কৰক।

সঁচৰ গুটিৰ বাবে মূল্য নিৰূপন-

শস্য বীজবোৰ প্ৰতিকূল বতৰত পালিত আৰু পৰিচালিত হয় বাবে শস্য বীজসমূহৰ সফলতা খুব অনিশ্চিত। যিয়েই নহওক, এবাৰ গুটিসমূহ উত্পাদিত হোৱাৰ পাছত অতি উচ্চ দৰত সেইসমূহ বাণিজ্যিক পালকসকলক বিক্ৰী কৰা হয়। প্ৰায়েই সঁচৰ গুটিসমূহৰ দাম ঠাই, চাহিদা আৰু উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰে। সঁচৰ গুটিসমূহ শ, হাজাৰ ইত্যাদিত সংখ্যাত বিক্ৰী হয় আৰু প্ৰচলিত দৰ প্ৰতি হাজাৰ সঁচৰ গুটিয়ে প্ৰতি চাৰি হাজাৰৰ পৰা পাঁচ হাজাৰ টকালৈ পৰিৱৰ্তন হৈ থাকে।এইটো হিচাপ কৰা হৈছে যে এক কোটি ৰোগমুক্ত উত্পাদন কৰিবলৈ সঁচৰ গুটিৰ বৰ্তমান প্ৰয়োজনীয়তা প্ৰায় ৫ কোটি যিহেতু এটা ডি.এফ.এল উত্পাদনৰ বাবে পাঁচটা সঁচৰ গুটি প্ৰয়োজন।

উৰ্বৰতা

ছেপ্তেম্বৰ (১৬৮)ত সৰ্বাধিক উৰ্বৰতা থাকে, তাৰ পাছত এপ্ৰিল (১৫৫), ক্ৰমে নৱেম্বৰ (১৫২), জুন (১৫০) আৰু আগষ্ট (১৪৯)। ফেব্ৰুৱাৰীত (১৩৩) উৰ্বৰতা সৰ্বনিম্ন।

পলুকণীৰ আকাৰ

ওজন বা আকাৰৰ দৰে পলুকণীৰ বৈশিষ্ট্যসমূহ জুন মাহত উচ্চমান বিশিষ্ট হয় (ওজন ০.০০০৭৮ গ্ৰাম আৰু ব্যাস ২.৮ মি.মি.) আৰু ফেব্ৰুৱাৰী মাহত অনুত্তম হয় (ওজন ০.০০৬৯) গ্ৰাম আৰু ব্যাস ২.০ মি.মি.)

পলুকণী পৰিবহন

১. কণীসমূহ পোনপটীয়াকৈ সূৰ্য ৰশ্মিত উল্লিখিত কৰিব নালাগে। অস্থিৰ পৰিবেশৰ অৱস্থাৰ অধীনত অশুষ্ফুটন হলে পলু জগা কাৰ্য অনিয়মীয়া হয় বা ভ্ৰুণসমূহৰ মৃত্যুহাৰ অধিক হয়। বৰ্তি থকা জীৱসমূহ পাছলৈ গোলমলীয়া বিপাকীয় কাৰ্যৰ বাবে ফ্লেছাৰী ৰোগগ্ৰাহী হৈ পৰে।

২. কণীৰ পেকেটসমূহ হাত মোনা/পলিথিনৰ মোনা ইত্যাদিত ভৰোৱাৰ পৰা বিৰত থাকক।

৩. ডি.এফ.এলসমূহ পৃথকভানে কণীৰ বাকচত কঢ়িয়াওক।

৪. বেছি পৰিমাণৰ বাবে ৫০টা ডি.এফ.এল বহনৰ সামৰ্থ্যৰ মুছলিন কাপোৰৰ বা কপাহী মহখেদা আঁঠুৱাৰে সঠিক আকাৰৰ বাকচ সাজক।

৫. প্ৰতিটো মোনাকে কাঠৰ সজ্জ্বাৰ ভিতৰত খাপ খুৱাই লওঁক আৰু গৰম তথা শুকান বতৰৰ সময়ছোৱাত প্লাষ্টিকৰ খৰাহীত কঢ়িয়াই নিয়ক।

৬. পৰিবহনৰ সময়ত বাহনৰ ইঞ্জিনৰ ওপৰত পলুকণীৰ খৰাহী নাৰাখিব।