মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাটপলু সঁচ প্ৰযুক্তি

নুনী পাট পলু সঁচ

মাল্টিভল্টিন বৰ্ণসংকৰ সঁচৰ বৈশিষ্ট্যসমূহ -

১. কণীসমূহ ৰংহীন আৰু অসুপ্ত

২. কণী পৰাৰ ১০ দিন পাছত কণীসমূহ ফুটে

৩. অশুষ্ফুটনৰ বাবে এচিদ ব্যৱহাৰৰ প্ৰয়োজন নাই।

৪. কণী উত্পাদনৰ বাবে শ্বীট কণী পদ্ধতি অৱলম্বন কৰা হয়।

৫. ৫Cত ২০ দিনতকৈ অধিক কণীসমূহ জমা কৰি থব নোৱাৰি।

৬. বৰ্ণসংকৰ উত্পাদনৰ বাবে বিভলটিন মতা মথ আৰু মাল্টিভল্টিন মাইকী মথ ব্যৱহাৰ কৰা হয়।

৭. বৰ্ণসংকৰ উত্পাদনৰ বাবে মথৰ পৰ্যায়তেই লিংগসমূহ পৃথকীকৰণ কৰা হয়।

মাল্টিভল্টিন বৰ্ণসংকৰ সঁচৰ বৈশিষ্ট্যসমূহ-

১. কণীবোৰ ৰঙীন আৰু সুপ্ত

২. প্ৰাকৃতিকভাৱে, কণী পৰাৰ ১০ দিন পাছত কণীবোৰ নুফুটে।

৩. ১০-১১ দিনৰ পাছত অশুষ্ফুটনৰ বাবে এচিদ ব্যৱহাৰৰ প্ৰয়োজন হয়।

৪. মুক্ত কণী উত্পাদন পদ্ধতিৰ দ্বাৰা কণীসমূহ উত্পাদন কৰা হয়।

৫. ২.৫C আৰু ৫Cৰ তলত কণীসমূহ ৬ মাহলৈকে জমা কৰি ৰাখিব পাৰি।

৬. পাৰস্পৰিকভাৱে সংকৰ কৰিবৰ বাবে বিভল্টিনৰ মতা আৰু মাইকী মথৰ ব্যৱহাৰ কৰা হয়।

৭. বৰ্ণসংকৰ উত্পাদনৰ বাবে লেটা পৰ্যায়তেই লিঙ্গসমূহ পৃথক কৰা হয়।