মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ খাদ্য উদ্ভিদ

নুনীৰ খেতি আৰু পৰিচালনা

  • নুনী গছ বিভিন্ন পৰিৱেশ আৰু বতৰত তিষ্ঠি থাকিব পাৰে। যিকোনো মাটিত ই ঠন ধৰে যদিও বালিচহীয়া আৰু বোকা বালিচহীয়া মাটিত ইয়াৰ বিকাশ ভালকৈ হয়। নুনী গছে আপেক্ষিক আল্মিক মাটিতো জীয়াই থাকিব পাৰে। উচ্চ আল্মিক মাটি যত pHফেক্টৰ ৫ ৰ তলত তাতদল’মাইট বা চূণশিল আৰু ক্ষাৰীয় মাটিত জীপচামৰ প্ৰয়োগ কৰিব পাৰি। নুনী গছ ৪০০০ ফুটৰ উচ্চতা পৰ্য্যন্ত জীয়াই থাকিবপাৰে, তাতকৈ বেছি উচ্চতাৰ ভূমিখণ্ডত চেচাঁ জলবায়ুৰ বাবে ইয়াৰ বৃদ্ধি- বিকাশ সম্ভৱপৰ নহয়।
  • নুনী গছৰ খেতি প্ৰাকৃতিক বৰ্ষাৱস্থা অথবা জলসিঞ্চন ব্যৱস্থা দুয়োটাতেই কৰিব পাৰি প্ৰযোজ্য মাটিডৰাৰ পানী-ধাৰণ ক্ষমতা অতি কমেও ৪০-৪৫ % হয়।
  • নুনীৰ খেতি অন্ত্য কৃষিব্যৱস্থা হিচাপেও কৰিব পাৰি। বিভিন্ন ধৰণৰ শাক- পাচলি মাটিৰ খেতি নুনীৰ খেতিৰ লগত কৰি কৃষকে প্ৰতি একৰ মাটিত ১০০০০-৫০০০০ টকা পৰ্য্যন্ত অতিৰিক্ত উপাৰ্জন কৰিব পাৰে। পালেং, শাক সবাতোকৈ উপযোগী যুটী।
  • শাৰী-শাৰীকৈ কৰা খেতিৰ পৰা প্ৰতি বছৰে প্ৰতি একৰ মাটিত ২৫ ৰ পৰা ৩০ মেট্ৰিক টন পাত ছিঙিব পৰি ।