মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ খাদ্য উদ্ভিদ

খাদ্যাভ্যাস অনুযায়ী প্ৰত্যেক ৰেচম পলু বেলেগ। ৰেচম পলুৰ খাদ্য উদ্ভিদৰ প্ৰতিপালন এক প্ৰকাৰৰ কৃষিজাতীয় চৰ্চা। উন্নতমানৰ পুলিৰ উত্পাদন আৰু ইয়াৰ বিতৰণৰ লগতে সমকালীন খেতিৰ ৰক্ষণাবেক্ষণ, উত্পাদন ক্ষমতা বৃদ্ধি তথা পাতৰ উত্কৃষ্ঠতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰকাৰৰ কাৰ্য্যাৱলীৰ প্ৰয়োগৰ লগতে জৈৱিক সাৰৰ প্ৰয়োগ ও কৰ্তন প্ৰণালীৰ প্ৰয়োগ এই চৰ্চাৰ অভিন্ন অংগ।

নুনী পলুৰ খাদ্য উদ্ভিদঃ-

নুনী পলুৰ এনে একপ্ৰকাৰৰ পলু যি মাত্ৰ নুনী গছৰ পাত হে খায়। নুনী গছৰ পাতত থকা মৰিন নামৰ যৌগবিধে এই পলুক আকৰ্ষিত কৰাত সহায়ক হয়।

নুনী গছৰ শ্ৰেণীবিভাজনঃ-

১. বিভাগ(ফইলুম)- ফানেৰোডগাম(পুষ্প উদ্ভিদ)

২. উপ-বিভাগ(উপ-ফাইলুম)-এংগলোস্পাৰ্ম

৩. শ্ৰেণী -ডিকটচ্

৪. গোট -আৰ্টিকেলচ্

৫. পৰিয়াল - মৰাচিয়েচ

৬. জাতি - মৰোচ

৭. প্ৰজাতি - মৰাচ আলবা