মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ খাদ্য উদ্ভিদ

নুনী গছৰ উন্নত আৰু কৃষিপযোগী প্ৰজাতি

পলুৰ খাদ্যৰ বাবে খেতি কৰা নুনী গছৰ উল্লেখযোগ্য প্ৰকাৰ হ’ল মৰাচ আলবা লিন, এম. ইণ্ডিকা লিন, এম লাভগাটা ৱাল,  এম. বম্বিকচ্ কইডৰ লগতে স্থানীয় প্ৰজাতিমৰাচ অষ্টট্ৰেলিচ পইৰ আৰু মৰাচ একিঅচা গ্ৰিফ। ইয়াৰোপৰি কেন্দ্ৰীয় ৰেচম বৰ্ডৰ গৱেষণা কেন্দ্ৰই আৱিস্কাৰ কৰা উন্নতমানৰ কিছুমান প্ৰজাতিও কৃষিৰ বাবে জনপ্ৰিয় হৈছে। এই প্ৰজাতিৰ ভিতৰত তলত দিয়াসমূহ উল্লেখযোগ্যঃ ভি১, কানভা-২, এছ১, এছ৭৯৯, ট্ৰিঅ, বিচি২৫৯ আৰু এছ৫৪।এইখিনিতে উনুকিয়াই থোৱা উচিত যে জাপান তথা অন্য দেশৰ কিছু উন্নত মানৰ প্ৰজাতিৰো খেতি ভাৰতত কৰা হয় আৰু ইহঁতৰ প্ৰতি সহাৰিও সন্তোষজনক। ইয়াৰে কিছু প্ৰজাতি হ’ল ইচিনোজ, গোচহয়ৌৰামী, কচেন( জাপান) আৰু লিমনচাইন ( ইটালী)।

  • এতিয়ালৈ ২৪ টা বিভিন্ন প্ৰজাতিৰ নুনীৰ উদ্ভিদ পোৱা যায় কিন্তু এচিয়া মহাদেশত প্ৰায় ৬৮ টা প্ৰজাতি হোৱাৰ অনুমান কৰা হৈছে।
  • কলা নুনীপশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যত তথা ৰঙা নুনী উত্তৰ আমেৰিকাত পোৱা যায়।