মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

আশ্ৰয় উদ্ভিদৰ আপদাল আৰু পলু কণীৰ উত্পাদন

পলু কণী হল ৰেচম উদ্যোগৰ মেৰুদণ্ড। সুস্থ পলু কণীৰ উত্পাদনৰ ওপৰতে সমগ্ৰ ৰেচম শিল্পৰ বিকাশৰ নিৰ্ভৰশীল। সময়োপযোগী উন্নত মানদণ্ডৰ কণী যোগান ৰেচম শিল্পক আন নগদী খেতিৰ সতে ফেৰ মাৰি থিয় দিবলৈ দৃঢ়তা দিয়ে। উত্তৰ পূৰ্বাঞ্চলত মুগা শিল্প সমগ্ৰ বছৰ জুৰি চলে, যিহেতুকে ইয়াত জলবায়ু আৰু প্ৰজনন পৰিবেশ ঠাইভেদে বেলেগ বেলেগ। সেয়ে এই অঞ্চলৰ জলবায়ুৰ অনুকূল মুগা কণীৰ যোগানৰ দ্বাৰাহে মুগাৰ অধিকতৰ উত্পাদন সুনিশ্চিত কৰিব পাৰি। ঋতুকেন্দ্ৰিক খেতি কৰা অঞ্চলত পলু কণীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে সঠিকভাৱে কণীৰ উত্পাদন আৰু বিতৰণৰ ৰূপেৰেই তৈয়াৰ কৰাটো জৰুৰী। উজনি অসমত ঋতুকেন্দ্ৰিক ব্যৱসায়িক খেতিহে কৰা হয়, সেয়ে ইয়াৰ মুগা পলু কণীৰ যোগানৰ বাবে সঠিক আঁচনিৰ প্ৰয়োজন। এই অঞ্চলত কণীৰ উত্পাদন বহু কঠিন কাৰণ ইয়াৰ জলবায়ু পৰিবেশ কণীৰ বাবে অনুকূল নহয়। নামনি অসমত আকৌ প্ৰজননৰ বাবে বাতাবৰণ অনুকূল গোটেই বছৰ জুৰি। সেয়ে নামনি অসমক পলু-কণী অঞ্চল হিচাপে কেন্দ্ৰীয় ৰেচম বোৰ্ডে চিহ্নিত কৰিছে।

পলু-কণী উত্পাদন কৰা কেন্দ্ৰসমূহক শস্য-ভাণ্ডাৰ বুলি নামাকৰণ কৰা হয়। উন্নত মানদণ্ডৰ কণী যাক ৰেফাযুক্ত কণী বুলি কোৱা হয়। এই কেন্দ্ৰসমূহৰ উত্পাদন কৰি কৃষকক যোগান ধৰা হয়। এই কাৰ্যত চৰকাৰী আৰু ব্যক্তিগত খণ্ড দুয়োৰে শস্য-ভাণ্ডাৰ জড়িত থাকে।

১২টা নুনী ৰেচম পলু-কণী উত্পাদন কেন্দ্ৰ যেনে- আগিয়া-গোৱালপাৰা, হাউলী-বৰপেটা, তিতাবৰ-যোৰহাট, গোৰীসাগৰ-শিৱসাগৰ, পাইলাপুল-কাছাৰ, কান্দুলী আৰু শেনচোৱা-নগাঁও, ৰঙতী আৰু তাৰিয়নি-লখিমপুৰ, হিলৈবাম-ডিব্ৰুগড়, মঙলদৈ-দৰং, চংবাৰ-ডিমা হাছাওত প্ৰতিষ্ঠা কৰা হৈছে যত ডি.এফ.এল. উত্পাদন কৰা হয় যাতে অসমৰ পাহাৰ আৰু ভৈয়ামৰ কৃষকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি।

মুগা পলু-কণী কেন্দ্ৰসমূহ স্থাপিত কৰা হৈছে যাতে প্ৰাৰম্ভিক মুগা-পলু কুকুনসমূহ ব্যৱসায়িক খেতিয়কক দিব পৰা যায়। চৰকাৰী প্ৰাৰম্ভিক মুগা পলু-কণী ফাৰ্ম খানাপাৰা - কামৰূপ, নাৰায়ণপুৰ – লখিমপুৰ, কোকৰাঝাৰ – কোকৰাঝাৰ, মুগা P2 কেন্দ্ৰ, জালাহ – বাক্সা, মুগা উপকেন্দ্ৰ সৰু পথাৰ –গোলোকগঞ্জ, মুগা ফাৰ্ম হামৰেণ – কাৰ্বি আংলং, খৰংমা আৰু লংক্লাম – ডিমা হাছাওত খোলা হৈছে। লগতে ছটা মুগা পলু-কণী উন্নয়ন আঁচনি খোলা হৈছে উন্নত মুগা পলু পলু-কণী আৰু কুকুন উত্পাদনৰ বাবে সেইবোৰ হৈছে- এম.এছ.ডি.পি. ভকতপাৰা আৰু কাহিবামা – কামৰূপ, এম.এছ.ডি.পি. জাগদুৱাৰ – যোৰহাট, এম.এছ.ডি.পি. বৰাইবাৰী আৰু শিৱসাগৰ - শিৱসাগৰ আৰু এম.এছ.ডি.পি. ঢকুৱাখনা - লখিমপুৰ

এড়ী কণী উত্পাদনৰ বাবে এড়ী পলু-কণী শস্য ভাণ্ডাৰৰ বাবে ২৬টা ডি.এফ.এল.স্থাপন কৰা হৈছে। তলত উল্লেখ্য- বৰদুৱাৰ, টোপাতলী- কামৰূপ, জামুগুৰি - শোণিতপুৰ, দেওমৰণী – ৰং, বৰবহা - নগাঁও (হোজাই), ঔজাৰী- মৰিগাঁও, ডিমৌ- শিৱসাগৰ, ৰঙাগড়া- গোলঘাট (বোকাখাট), উত্তৰ লখিমপুৰ- লখিমপুৰ, জোনাই-ধেমাজি, ৰংঢালি-ডিব্ৰুগড়, টিংৰাই - তিনিচুকীয়া, লখিমীপথাৰ- তিনিচুকীয়া (শদিয়া), ধৰ্মীশাল, হৰিনগৰ- কাছাৰ, আদাৰকণা- কৰিমগঞ্জ, ধেনুভঙ্গা-গোৱালপাৰা, কোকৰাঝাৰ - কোকৰাঝাৰ, গৰেশ্বৰ, জালাহ - বাক্সা, ভেৰগাঁও- ওদালগুৰি, ডেনগাঁও, দিলাজী, উমচৈ -কাৰ্বি আংলং, খেজুৰবন্দ, হাফলং- ডিমা হাছাও

ৰেচম শিল্প প্ৰদৰ্শক আৰু তত্বাৱধায়কসকলে কেন্দ্ৰসমূহত প্ৰজননৰ পৰা কণীৰ উত্পাদন সকলোতে চকু দিয়ে তথা ডি.এফ.এল.সমূহৰ উত্পাদন আৰু কৃষকলৈ বিতৰণতো সহযোগিতা কৰে।