মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাট আৰু ইয়াৰ ব্যৱহাৰ

চিল্ক হল, সচৰাচৰ পাটপলু হিচাপে জনাজাত এক বিশেষ ধৰণৰ পতঙ্গৰ দ্বাৰা নিৰ্গত হোৱা এক অবিৰত প্ৰটিনৰ আঁহ। প্ৰাপ্তবয়স্ক পলুসমূহে, সিঁহতৰ মূৰবোৰ আঠ সংখ্যাটোৰ আকাৰত সঞ্চালন কৰে। যাৰ ফলত সিহঁতৰ বয়নাঙ্গৰ পৰা চেৰিচিন নামৰ আঠাজাতীয় পদাৰ্থৰে আবৃত, প্ৰটিনৰ এক অৰ্ধ-জুলীয়া মিশ্ৰণ নিৰ্গত হয়। এইদৰে জুলীয়া চিল্ক প্ৰতি মিনিটত এক ফুট দৈৰ্ঘ্যৰ হাৰত নিৰ্গত হয়, যি বতাহৰ সংস্পৰ্শলৈ আহিলেই, সেই সূতা হৈ পৰে, জাক-জমকীয়া চিল্ক সৃষ্টিৰ বাবে পলুসমূহে যি ব্যৱহাৰ কৰে।

পৃথিৱীৰ বস্ত্ৰ ব্যৱসায়ৰ প্ৰায় ৩ শতাংশ চিল্কে গঠন কৰে ৩০খনতকৈও অধিক দেশে চিল্ক উত্পাদন কৰে আৰু বিশ্বৰ কেঁচা চিল্ক উত্পাদনত ভাৰতৰ অংশ চীন (৭৯.১০ শতাংশ)ৰ পাছতেই প্ৰায় ১৭.৫ শতাংশ।

পাটৰ সচৰাচৰ নাম-

১. আৰৱ – কচ, খুচ, হাৰিৰ

২. বাৰ্মিজ – ত্চা

৩. চাইনিজ – চেক, জু

৪. দাটব – জেইডি

৫. ইংলিছ – চিল্ক

৬. ফ্ৰেন্স – চইয়ে

৭. গ্ৰীক – বেৰ

৮. জাৰ্মান – চেইদেন

৯. হিন্দী – ৰেচম

১০. আইচলেণ্ডিক – চিল্কে

১১. ইটালীয়ান – চেটা

১২. জাপানীজ – কিনু

১৩. কানাডা – ৰেছমে

১৪. কাশ্মিৰী – ক্ৰিমকাছ

১৫. কোৰীয়ান – চয়

১৬. লেটিন – চেৰিকাম

১৭. মাঞ্চু – চিৰঘে

১৮. মংগোল – চিৰকক

১৯. মালয়া – চুত্ৰা

২০. মালায়ালম – পাত্তু

২১. মাৰাঠী – ৰেচম

২২. পাৰ্চিয়ান – আব্ৰেছাম

২৩. ৰাছিয়ান – শ্বেইলক

২৪. সংস্কৃত – ৰেছম

২৫. চুইদিছ – চিদেন

২৬. স্পেনিছ – চেদা

২৭. তামিল – পাত্তু

২৮. তেলেগু – পাত্তু

২৯. তুৰ্কী – স্পেক, হাৰিৰ

পাটৰ ব্যৱহাৰ

চাৰ্ট, টাই, ব্লাউজ, আনুষ্ঠানিক পোছাক, উচ্চ ফেশ্বনৰ পোছাক, অন্তৰ্বাস, পায়জামা, গ্ৰাউন, চ্যুট, চান ড্ৰেছ আৰু পশ্চিমীয়া লোক পৰিছদ আদিৰ দৰে সাজপাৰত চিল্ক ব্যৱহাৰ কৰা হয়। সাধাৰণ চিল্ক, ডিলাক্স, ছাটিন, ছিফন, চিনন, ক্ৰেপ, ব্ৰকেড কাপোৰ নুনী চিল্কৰ পৰা বনোৱা হয়।

আৰামদায়ক আৰু মসৃণ স্কাই জেকেট, কমফোৰ্টাৰ, শোৱন বেগ, মোজা, ষ্টকিং আদিৰ দৰে গুঠা সামগ্ৰীসমূহ হাতে-কামে চিল্কৰ পৰা বনোৱা হয়।

পাটৰ কায়িক বৈশিষ্ট্যসমূহ

চিল্ক তন্তুৰ কায়িক বৈশিষ্ট্যসমূহৰ ভিতৰত আকাৰ (ডেনিয়েৰ) ভঙ্গুৰতাৰ ৰাশি, সংসক্তি, দীৰ্ঘায়াতকৰণৰ শতকৰা আৰু চিল্ক সূতাৰ ৰং আৰু উজ্জ্বলতা অন্তৰ্ভুক্ত।