পূৰ্ণতা প্ৰাপ্তিৰ পাছত সন্ধিয়া সময়ত পলুসমূহ গছেৰে বগাই নামি আহে, যিসমূহ তাৰ পাছত হাতেৰে সংগ্ৰহ কৰা হয় আৰু এটা জালিত (লেটা গুটি থোৱা মোনা), লেটা-গুটি বান্ধিবৰ বাবে থৈ দিয়া হয়। উত্পাদনৰ ধাৰাবাহিকতাৰ বাবে ৫ শতাংশ সঁচৰ লেটা-গুটি নিৰ্বাচন কৰা হয় আৰু গ্ৰেইনেজ কক্ষত মথৰ উদ্ভৱ হবৰ বাবে আৰু কণী উত্পাদনৰ বাবে ৰখা হয়। ৰৈ যোৱা ৯৫ শতাংশ ভাল লেটা-গুটি সূতা কাটিবৰ বাবে অৱৰোধ কৰা হয়। সাধাৰণতে ১ কেজি কেঁচা পাত, গুণাগুণ, নিবিড়তা আৰু খোলাৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি ৪,৫০০-৬,০০০ লেটা-গুটিৰ পৰা পোৱা যায়। যিসমূহ প্ৰক্ৰিয়া অৱলম্বন কৰি লেটা-গুটিৰ পৰা পাতৰ তন্তু নিষ্কাষণ কৰিব পাৰি, সেইসমূহক চিল্ক ৰিলিং বুলি কোৱা হয়। মুগা পাটসমূহ সাধাৰণতে পৰম্পৰাগত ভীৰ নামৰ সূতা কটা পদ্ধতিৰে কটা হয়। শেহতীয়া কেইবছৰমানত, কিছুমান অঞ্চলত পেডেলেৰ চলোৱা ৰিলিং মেচিন (RMRS, চৌধুৰী ধৰণৰ) আৰু মটৰ চালিত মেচিন (CSTRI ৰিলিং কাম শ্বুইষ্টিং মেচিন)ও ব্যৱহাৰ কৰা হয়। ৰিলিঙৰ বাবে ব্যৱহৃত লেটা-গুটিৰ স্তুপসমূহ কাটিয়া (শৰত্) শস্যৰ পৰা আহৰণ কৰা হয়। এই সময়ৰ পাতসমূহ সম্পূৰ্ণ উপযুক্ত, ঋতু অনুসৰি উষ্ণতা, ৱেষ্প (WASP), পতঙ্গ ইত্যাদি খুব কম হয় আৰু উত্পাদিত লেটা-গুটিসমূহ তুলনামূলকভাৱে উচ্চ মানসম্পন্ন হয়। জুৰা (শীতকালীন) শস্য কেৱল লেটাগুটি উত্পাদনৰ বাবেহে পালন কৰা হয়। শীতকাল যোৱাত, পলুসমূহে লেটা-গুটি বান্ধিবৰ বাবে এমাহতকৈ এধিক কাল লয়, লগতে সেইসমূহত চিল্কৰ পৰিমাণো অতি নিম্নমানৰ। জেঠুৱা (বসন্ত) শস্যও উল্লেখযোগ্য শস্য। এই শস্যবিধৰ লেটাগুটিৰ পৰা পোৱা চিল্কৰ সোণালী ৰং, আহৰুৱা আৰু ভদিয়া শস্যতকৈ অধিক। আহৰুৱা (গ্ৰীষ্মকালীন) আৰু ভদিয়া (শেহতীয়া গ্ৰীষ্মকালীন) শস্য প্ৰধানকৈ সঁচৰ লেটাগুটিৰ বাবে পালন কৰা হয়।
সাধাৰণতে পালনকাৰীসকলে নিজে মুগা ৰিং সম্পন্ন কৰে। ঘৰৰ এটা কোণত সকলো শ্ৰেণীৰ মানুহৰ দ্বাৰা ভাপত দিয়া কাৰ্য আৰু ৰিলিং সম্পন্ন কৰা হয়। কিন্তু এক বৃহত্ অংশৰ লোক আছে, যাৰ বাবে মুগাৰ ৰিং এটা ভাল ব্যৱসায়। অসমৰ কিছুমান ঠাইত মুগা ৰিলিং ব্যাপকভাৱে এটা বৃত্তি হিচাপে কৰা হয়। উত্পাদিত সকলো লেটা-গুটি, অসম ৰাজ্যৰ ভিতৰতে চিল্ক সূতা আৰু বস্ত্ৰলৈ পৰিৱৰ্তন কৰা হয়।
মুগা ৰিলিঙৰ ক্ষেত্ৰত, ৫৬ শতাংশ উত্পাদন, বহু বছৰ পুৰণি পৰম্পৰাগত আহিলা ভীৰত কৰা হয়, আৰু বাকী ৪৪ শতাংশ চি.এচ.টি.আৰ.আই. মটৰ তথা পেডেলচালিত মেচিনৰ পৰা আহে। ভীৰৰ উত্পাদনশীলতা খুব নিম্নমানৰ (দৈনিক ৮০ গ্ৰাম) আৰু সূতাৰ মানদণ্ডও সমান নহয়। যিয়েই নহওক, শিপিনীসকলে বাণীৰ বাবে ভীৰত উত্পাদিত ভাজ নথকা সূতাৰ ব্যৱহাৰকহে অগ্ৰাধিকাৰ দিয়ে, যি সৰ্বমুঠ প্ৰয়োজনৰ ৬০ শতাংশ হিচাপে বিবেচিত হৈছে। সেয়েহে, বাণী সূতাৰ প্ৰয়োজন পূৰণ কৰিবলৈ এক বিকল্প প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজনীয়তা আছে। কেন্দ্ৰীয় চিল্ক বোৰ্ডে বিশেষকৈ উন্নত মানৰ ভাজ নথকা বাণী সূতা উত্পাদনৰ বাবে বাণী নামৰ এটি ৰিলিং মেচিন উদ্ভৱ কৰিছে। তুলনামূলকভাৱে বাণীৰ উত্পাদনশীলতা ভীৰতকৈ বহু বেছি (১৫০ গ্ৰাম/দিন) মানসম্পন্ন সূতা উত্পাদন আৰু ৰিলাৰসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে প্ৰযুক্তিবিদ্যাক অধিক জনপ্ৰিয় কৰা হব পাৰে। ভৱিষ্যতত, ভীৰৰ বিকল্প হোৱাত ই সহায় কৰিব পাৰে। তদুপৰি, ৰিলিঙৰ অপচয়সমূহ ব্যৱহাৰ আৰু মূল্য সংযোজিত সামগ্ৰীসমূহৰ উত্পাদনৰ জৰিয়তে উত্পাদনৰ উচ্চ মূল্যা হ্ৰাস কৰাৰ চেষ্টা কৰাৰো প্ৰয়োজন।
ৰাজ্যখনৰ ভিতৰতে মুগা কেঁচা চিল্ক আৰু এড়ী স্পান চিল্ক উত্পাদন কৰিবলৈ লেটা-গুটিসমূহ প্ৰক্ৰিয়াকৰণ কৰা হয়। মঙলদৈ, শিৱসাগৰ আৰু যোৰহাট জিলাত অৱস্থিত বহুমুখী ৰিলিং মেচিনসমূহ ব্যৱহাৰৰ দ্বাৰা চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডতে নুনী ৰিলিং কৰা হয়। মুগা ৰিলিং কাৰ্যকলাপসমূহ প্ৰধানকৈ কামৰূপ, কোকৰাঝাৰ, গোৱালপাৰা, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি জিলাত হয়। শুৱালকুছি আৰু বামুন্দী মুগা চিল্ক প্ৰধান ৰিলিং আৰু বয়নকেন্দ্ৰ। ৰিলিং কৰাৰ আগতে, মুগা লেটা-গুটিসমূহ এঘণ্টাৰ বাবে চদা ভষ্মৰ খাৰজাতীয় দ্ৰাৱকত ভাপত দিয়া হয়। ইয়াৰ ফলত প্ৰাকৃতিক এঠা, চেৰিচিন, যিয়ে তন্তুসমূহ একেলগে ধৰি ৰাখে, কোমল হৈ পৰে। লেটা-গুটিৰ বাকলি আঁতৰ কৰাৰ পাছত অবিচ্ছন্ন তন্তুডালৰ সঠিক মূৰটো পোৱা যায় আৰু কুহুমীয়া পানী ভৰা ৰিলিং গামলাটো ভালেসংখ্যক লেটা-গুটি লৈ যোৱা হয়। দুই ধৰণৰ ৰিলিঙৰ পদ্ধতি দেখা যায় ভীৰৰ পৰম্পৰাগত যত দুজন ব্যক্তি জড়িত হৈ থাকে, আৰু আনটো শেহতীয়া বেগীভাৱে কাৰ্য কৰা, যত কাৰ্য কৰোতাজনে ৰিলিঙৰ বাবে দুয়োখন হাত ব্যৱহাৰ কৰে। সেইটো হল CSTRI ৰিলিং আৰু শ্বুইষ্টিং মেচিন। প্ৰতিটো লেটা-গুটিতে প্ৰায় আধা লেটা ৰিল কৰিব পাৰি আৰু ৰৈ যোৱাখিনি চিল্কৰ অপচয় হিচাপে ব্যৱহাৰ কৰা হয়, পুনৰাই চিল্ক উত্পাদনৰ কাৰণে প্ৰক্ৰিয়াকৰণ কৰা হয়। ৰিলিঙৰ পাছত, মুগা সূতাসমূহ ছাঁত ৩-৪ দিনৰ বাবে শুকোৱা হয়, যাৰ পাছত সেইবোৰ চেৰেকীত নেছাত বন্ধা হয়। নেছাৰ আকাৰত চাউলৰ গুড়ি আৰু পানীৰ মিশ্ৰণৰ প্ৰয়োগ জড়িত হৈ থাকে।