মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

পাট সূতা কটা আৰু বন্ধা

স্পীনিং

লেটা-গুটিৰ অসংযুক্ত তন্তুৰ পৰা একক সূতা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াকেস্পিনিং বা তটনা বুলি কোৱা হয়। যি প্ৰক্ৰিয়াৰে পাট পলুৱে লেটা-গুটি প্ৰস্তুত কৰে, তাকো স্পীনিং বুলি কোৱা হয়। এড়ী লেটা-গুটিবোৰ খোলা মুখৰ বা ধাৰাবাহিক তন্তুৰে গঠন নহয় বাবে, সেইবোৰ কটা বা স্পীন কৰা হয়।

এড়ী লেটা-গুটি কটা কামটো সৰল আৰু প্ৰায় সকলোবোৰ উত্পাদন অঞ্চলতেই তাকলি ব্যৱহাৰ কৰি লেটা-গুটিসমূহ কটা হয়। যিয়েই নহওক, স্পীনিঙৰ কাম-কাজসমূহ প্ৰধানকৈ পলাশবাৰী, বিজয়নগৰ, গোৱালপাৰা, কোকৰাঝাৰ আৰু ওদালগুৰিত কেন্দ্ৰীভূত হৈ আছে। সম্প্ৰতি অসম চৰকাৰৰ ৰেচম বিভাগে আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চিল্ক পৰিষদে, CSTRI স্পীনিং আৰু অম্বৰ চৰ্কা স্পীনিং চকাৰ দৰে শেহতীয়া উদ্ভাৱনৰ জনপ্ৰিয়তাৰ পাছত এড়ী স্পীনিং কাম-কাজসমূহ প্ৰবল কৰি তুলিছে। ৰাজ্যখনত বৃহত্ পৰিমাণৰ চিল্ক সূতা, ৰাজ্যখনৰ ভিতৰতে উত্পাদনত ব্যৱহৃত হৈছে আৰু কম পৰিমাণৰ এড়ী সূতা ৰাজ্যৰ বাহিৰত বিক্ৰী হৈছে। বহু বছৰ পুৰণি, এড়ী স্পীনিঙৰ আহিলা তাকলি এতিয়াও জনপ্ৰিয়। প্ৰায় ৫৭ শতাংশ স্পীনাৰ, তাকলিত সূতা কটাত ব্যস্ত হৈ আছে এনে সূতা বা উত্পাদনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগতে ঘৰুৱা বজাৰতো যথেষ্ট চাহিদা আছে। তাকলিৰ ধৰণৰ সূতাৰ উত্পাদনশীলতা বৃদ্ধিৰ বাবে, ভগলপুৰৰ হিন্দুস্তান মেছিনেৰীৰ দ্বাৰা এটা উন্নত ফ্লায়াৰ স্পিন্দলৰ দৰে স্পীনিং মেচিন গঢ়ি তোলা হৈছে, যিটো চূড়ান্ত চুপাৰিছৰ বাবে মূল্যায়ন কৰা হৈছে। এই মেচিনটো বাণীৰ বাবে সুবিধাজনক ধৰণৰ সূতাৰ চাহিদা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা হব পাৰে। ভাঁজ কৰিবৰ বাবে সুবিধাজনক সূতা উত্পাদন কৰিবলৈ ভিজা স্পীনিঙৰ বাবেও এই মেচিনটো ব্যৱহাৰ কৰিব পাৰি। প্ৰতিদিনে তাকলিৰ ৪০ গ্ৰামৰ সৈতে তুলনা কৰিলে এই আহিলাবিধৰ উত্পাদনশীলতা প্ৰতি দিনে ৬০-১০০ গ্ৰাম।

লেটা-গুটিৰ খোলাৰ ওপৰত ভিত্তি কৰি, মুগা আৰু এৰি লেটাগুটিসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-

মুগা লেটাগুটিৰ মানখোলাৰ ওজন (গ্ৰাম)
A০.৬০ৰ ওপৰত
B০.৪৫-০.৬০
C০.৪৫-০.০৩
D০.৩০ৰ তলত
এড়ী লেটা-গুটিৰ মান
এড়ী লেটা-গুটিৰ ক্ষেত্ৰত ইয়াৰ গুণাগুণ মান খোলাৰ ওজনৰ অনুসাৰে স্থিৰ হৈ থাকে ০.৪ৰ পৰা ০.৫ গ্ৰাম.

সূতাৰ মানঃ সূতাৰ গুণাগুণ মুগা সূতা বেছিভাগ দুই ধৰণৰ ডেনিয়াৰ শ্ৰেণীত উপলব্ধ – সেয়া হল ৪০/৪৪ ডেনিয়াৰ (মেচিনেৰে ৰীল কৰা) আৰু ৬০/৬৬ ডেনিয়াৰ (ভীৰেৰে ৰীল কৰা)। পলাশবাৰী অঞ্চলৰ কিছুসংখ্যক ৰীলাৰেহে শেহতীয়াভাৱে সীমিত উত্পাদনেৰে উত্তম গণনাৰ মুগা সূতা উত্পন্ন কৰা আৰম্ভ কৰিছে। সদ্যহতে, মুগা প্লাইদ সূতাৰ কোনো ধাৰণা নাই, সেয়েহে ই উত্পাদনৰ বিকাশ আৰু বৈচিত্ৰ্যতাৰ পৰিসৰ সীমিত কৰি ৰাখিছে। একেদৰে এড়ী খণ্ডত বেছিভাগ টাকলিক কটা সূতা ১২ Sৰ পৰা ১৫ Sৰ ভিতৰৰ আৰু মেচিনত কটা সূতা ১৫ Sৰ পৰা ১৮ Sৰ ভিতৰত। যিহেতু টু প্লাই ৬০/২ আৰু ১২০/২ গণনাৰ সূতা উত্পন্ন কৰিবলৈ স্থানীয়ভাৱে এতিয়ালৈ কোনো চিল্ক মিল নাই, সেয়েহে শ্বুইটিং আৰু চাটিঙৰ ক্ষেত্ৰত কোনো বৈচিত্ৰ্যতা সম্ভৱ হোৱা নাই। গৃহসজ্জা ইত্যাদিৰ বাবে সামগ্ৰী বিকাশৰ বাবে, ঘিচা কটা সূতা ব্যৱহাৰৰ জৰিয়তে বেছি ভাল ফলাফল পাব পাৰি।

চি.এ.টি.ডি.ডিজাইনৰ পৰিচয়

অঞ্চলটোৰ শুৱালকুছি আৰু অন্যান্য অংশত চি.এ.টি.ডি.ৰ পৰিচয় হোৱাৰ আগেয়ে কেৱল হাতে বোৱা ডিজাইনহে উপলব্ধ আছিল, যিবোৰ পুনৰ উত্পাদনৰ বাবে অতি লেহেমীয়া আৰু এবাৰ গঢ়ি তোলাৰ পাছত শুদ্ধ কৰিবলৈ বা পৰিৱৰ্তন কৰিবলৈ বৰ কঠিন। তাৰোপৰি, এনে ডিজাইনত ৰং সমাহাৰৰ পৰীক্ষা কৰাটো অসম্ভৱ।

২০০৩ চনৰ সময়ছোৱাত মুগা আৰু এড়ীৰ বাবে ইউ.এন.ডি.পি. সাহায্যৰ অনুষ্ঠানৰ অধীনত শুৱালকুছি DCTSCত প্ৰথমবাৰৰ বাবে বাণিজ্যিক ভিত্তিতচি.এ.টি.ডি. ডিজাইন ব্যৱস্থা আৰম্ভ কৰা হৈছিল। ই খৰতকীয়া ডিজাইন উত্পাদন, ডিজাইনৰ শুদ্ধকৰণ আৰু কাপোৰৰ প্ৰাক্-বয়ন ৰং সমাহাৰ পৰীক্ষা অনুষ্ঠিতকৰণত সহায় কৰিছে। ই বহুতো নতুন ব্যক্তিগত উদ্যোগীক CATD ডিজাইন উত্পাদনক উদ্যোগ হিচাপে লবলৈ অনুপ্ৰাণিত কৰিছে আৰু বৰ্তমান কামৰূপ জিলাত কমেও ১০টা কম্পিউটাৰাইজদ ডিজাইন গোট আছে।