মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

কাৰ্যাৱলী আৰু লক্ষ্যসমূহ

১. চিল্ক উদ্যোগৰ সামগ্ৰিক উন্নয়নৰ ওপৰত অসম চৰকাৰক পৰামৰ্শ প্ৰদান কৰা, সময়ে সময়ে অসম চৰকাৰৰ প্ৰয়োজনীয়, চিল্ক উদ্যোগৰ লগত সম্পৰ্কিত এনে ধৰণৰ অন্যান্য প্ৰতিবেদনসমূহ প্ৰস্তুত কৰা আৰু যোগান ধৰা।

২. বহনক্ষম উন্নয়নৰ বাবে আৰু লাভজনক নিয়োগ সৃষ্টিৰ বাবে ৰেচমৰ উন্নয়ন

৩. ৰেচমত আধুনিক প্ৰযুক্তিবিদ্যা সূচনাৰ জৰিয়তে উত্পাদনৰ পৰিমাণ আৰু গুণাগুণ উন্নত কৰা।

৪. বাণিজ্যিকভাৱে পালনৰ বাবে পাটপলুৰ খাদ্য উদ্ভিদৰ পুলি, পাট পলু সঁচৰ লেটাগুটি আৰু মানপত্ৰিত সঁচ উত্পন্ন কৰা আৰু যোগান ধৰা।

৫. নুনী আৰু এড়ী পালকসকলক সংহত নুনী বাগিচা আৰু এড়ী সংহতি কেন্দ্ৰৰ পৰা পাতৰ যোগান ধৰা আৰু মুগা গাঁও পশুচাৰণ সংৰক্ষিত অঞ্চলসমূহ পৰিচালনাৰ বাবে সোম/ শুৱালু খাদ্য উদ্ভিদ যোগান ৰা

৬. ব্যক্তিগত খেতিয়ক, পালক, ৰীলাৰ, স্পীনাৰ, বোৱনীসকলক যন্ত্ৰপাতি, নিৱেশ আদি যোগান ৰা।

৭. লেটাগুটিৰ লাভজনক মূল্যৰ বাবে ৰাজ্যখনৰ তিনিটা লেটা-গুটি বেংকৰ জৰিয়তে ক্ৰয়-বিক্ৰয়ৰ সহায় আগবঢ়োৱা।

৮. চিল্ক সামগ্ৰীসমূহ ৰপ্তানি কৰিবলৈ ক্ৰয়-বিক্ৰয়ৰ বাবে সংযোগ সৃষ্টি কৰা।

৯. পালক, ৰীলাৰ, স্পীনাৰ, ৰোৱনী আৰু অন্যান্য হিতাধিকাৰীসকলৰ উন্নত মানদণ্ডসম্পন্ন জীৱনৰ বাবে উপাৰ্জনৰ স্তৰ উন্নত কৰিবলৈ চেষ্টা কৰা।

১০. খেতিয়কসকলৰ লগতে বিষয়া আৰু কৰ্মচাৰীসকললৈ কৌশল বিকাশৰ প্ৰশিক্ষণ আগবঢ়োৱা।

১১. যোৰহাট, তিতাবৰ ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠানে খেতিয়কসকল আৰু বিভাগীয় বিষয়াসকলৰ লগতে তৃণমূল পৰ্যায়ৰ বিষয়াসকলক নিয়োগ কৰিবলৈ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম পৰিচালনা কৰে।

১২. উত্পাদন বৃদ্ধিৰ বাবে উত্পাদনৰ মূল্যায়ন তথা প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ক্ষেত্ৰসমূহৰ পৰা সংখ্যাতাত্বিক তথ্য সংগ্ৰহ কৰা।

১৩. খেতিয়ক, পালক, ৰীলাৰ, চিল্ক বোঁৱনীসকলক প্ৰায়োগিক সহায় আগবঢ়োৱা আৰু প্ৰকল্প প্ৰস্তুত কাৰ্যত সহায় কৰা।

১৪. যুটীয়া বিত্তনিধিৰ আঁচনিসমূহৰ বাবে উন্নয়নমূলক পৰিকল্পনা প্ৰস্তুত কৰাত কেন্দ্ৰীয় চিল্ক পৰিষদক সহযোগিতা আগবঢ়োৱা।

১৫. খেতিয়কসকলৰ বাবে কেন্দ্ৰীয় চিল্ক পৰিষদৰ দ্বাৰা সৃষ্ট প্ৰযুক্তিবিদ্যাসমূহ ৰূপায়ণ কৰা আৰু সহায় কৰা।

১৬. ৰাজ্যখনত ৰেচমবিদসকলক প্ৰায়োগিক সহযোগিতা আগবঢ়াবলৈ আৰু সমস্যাসমূহ সমাধান কৰিবলৈ দুটা প্ৰায়োগিক তথ্য কেন্দ্ৰই কাৰ্যনিৰ্বাহ কৰি আছে।

১৭. ৰেচম মন্ত্ৰালয় তথা জিলা আৰু উপবিভাগীয় কাৰ্যালয়সমূহৰ অধীনত অভিযোগ প্ৰতিকাৰ কোষে কাৰ্যনিৰ্বাহ কৰি আছে।