মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম পলুৰ প্ৰতিপালন

মুগা ৰেচম পলু

মুগা ৰেচম পলু, আনথেৰিয়া আচামা ৱেষ্টউড (সাৰাংশ-আনথেৰিয়া আচামেনচিচ হেল্ফ, আনথেৰিয়া মেজাংকৰি মোৰি) ফাইলুম- আৰ্থৰোপদা বিভাগৰ, শ্ৰেণী- কীট, লেপিডোপটেৰা গোটৰ আৰু চাতুৰনিদেইপৰিবাৰৰ প্ৰজাতি।

পৰিবাৰ বিশেষত্ব –

কণীসদৃশ এণ্টেনা

সামান্য ওঠ সদৃশ ত্বক

সৰু দাঁতবিশেষ

নোমবিহীন

মুগা পলুৰ প্ৰতিপালন

মুগা পলুৰ প্ৰজনন গছত হয়। এজোপা গছক এবছৰত দুবাৰ প্ৰজনন ও বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰি এবাৰ বসন্ত কালত আৰু এবাৰ শৰত্ কালত। সেই হিচাপত এজোপা গছে এবছৰত ১০০০ খোলাৰ উত্পাদন কৰিব পাৰে। এক কেজি মুগা ৰেচমৰ বাবে ৫০০০ খোলাৰ প্ৰয়োজন হয় যাৰ অৰ্থ হল ৫ জোপা গছৰ প্ৰয়োজনীয়তা। মুগা পলু অৰ্ধ-আৱাসিক পলু আৰু বহুপ্ৰজী প্ৰজাতিৰ হয় আৰু এবছৰত ৫ৰ পৰা ৬টা প্ৰজন্মৰ উত্পাদন কৰিব পাৰে।

অসমীয়া বৰ্ষপঞ্জীৰ আধাৰত বিভিন্ন প্ৰজ্মক অনুসূচিত কৰিব পাৰি-

ক্ৰমিক নংঅসমীয়া নামঋতুমাহমন্তব্য
১জাৰুৱাশীতডিচেম্বৰ-ফেব্ৰুৱাৰীআগৰ বীজৰ খেতি
২চটোৱাপ্ৰাক বসন্তমাৰ্চ-এপ্ৰিলবীজ খেতি
৩জেঠুৱাবসন্তমে-জুনদ্বিতীয় ব্ৱসায়িক খেতি
৪আহেৰুৱাপ্ৰাক গ্ৰীষ্মজুন-জুলাইআগৰ বীজৰ খেতি
৫ভদীয়াগ্ৰীষ্ম অন্তআগষ্ট-ছেপতেম্বৰবীজ খেতি
৬কতীয়াশৰত্অক্টোবৰ-নৱেম্বৰমুখ্য ব্যৱসায়িক খেতি