মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

ৰেচম প্ৰশিক্ষণ, প্ৰদৰ্শনী আৰু সজাগতা শিবিৰ

বিভাগীয় কৰ্মচাৰী আৰু খেতিয়কসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈঅধ্যক্ষৰ অধীনত যোৰহাটৰ তিতাবৰত এখন ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে।

প্ৰশিক্ষণ প্ৰদানকাৰী প্ৰতিষ্ঠান নাম– ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান, তিতাবৰ, যোৰহাট, অসম

প্ৰতিষ্ঠানখনৰ বিষয়ে-

ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠানখন অসম ৰাজ্যৰ যোৰহাট জিলাত অৱস্থিত, যি পত আৰু ৰেলেৰে সু-সংযোজিত আৰু যোৰহাট বিমানবন্দৰৰ পৰা ২০ কিলোমিটাৰ দূৰত অৱস্থিত। আটাইতকৈ ওচৰৰ ৰেলৱে জংচনটো মৰিয়নী আৰু ই তিতাবৰৰ পৰা ১৬ কিলোমিটাৰ দূৰত্বত। ১৮৫৪ চনত প্ৰতিষ্ঠানখন স্থাপন কৰা হৈছিল আৰু আৰম্ভণিৰ পৰা NE অঞ্চলৰ বাবে অবিৰতভাৱে তৃণমূল পৰ্যায়ৰ কৰ্মী সৃষ্টি কৰি আহিছে। বৰ্তমান প্ৰশিক্ষণ প্ৰতিষ্ঠানখনে, ঘৰুৱা ৰাজ্যৰ বাহিৰেও অৰুণাচল প্ৰদেশ, নাগালেণ্ড ইত্যাদিৰ দৰে উত্তৰ পূবৰ ৰাজ্যসমূহৰ দ্বাৰা প্ৰেৰিত আৰু পৃষ্ঠপোষকতাৰ প্ৰশিক্ষাৰ্থীসমূহক এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম আগবঢ়াই আছে। ইয়াৰ উপৰিও ই আধুনিক প্ৰযুক্তিবিদ্যাৰ ফালে দিকদৰ্শনত খেতিয়কসকলক হ্ৰস্বকালীন কৌশল বিকাশৰ প্ৰশিক্ষণ আগবঢ়ায় আৰু এতিয়ালৈ ৫০০তকৈও অধিক খেতিয়কে প্ৰশিক্ষণপ্ৰাপ্ত হৈছে। তিতাবৰৰ ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰেচমৰ প্ৰাথমিক প্ৰশিক্ষণ পৰিচালনাৰ বাবে শ্ৰেণীকোঠা, হোষ্টেল, আধুনিক যন্ত্ৰপাতি, গৱেষণাগাৰ ইত্যাদিৰ দৰে ন্যূনতম আন্তঃগাঁথনিসমূহ আছে।

তাৰোপৰি বৰ্তমান প্ৰতিষ্ঠানখনৰ প্ৰযুক্তিগতভাৱে উচ্চশিক্ষিত ফেকাল্টি সদস্যৰ সংযুতি আছে। তেওঁলোকৰ প্ৰায় আটাইকেইজনেই ৰেচমবিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু কেন্দ্ৰীয় চিল্ক পৰিষদৰ অধীনত CSR আৰু TI, বঢ়মপুৰ, ৰাঁছী, মাইশোৰৰ পৰা ৰেচম বিদ্যাত স্নাতকোত্তৰ ডিপ্লোমাধাৰী আৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

পাঠ্যক্ৰম সময়মীয়া– এবছৰ

ফেকাল্টিৰ তালিকা

ক্ৰমিক নংনামপদবীঅৰ্হতা
মহেন্দ্ৰ বৰাঅধ্যক্ষবিজ্ঞানৰ স্নাতকোত্তৰ আৰু CSR & TI, বঢ়মপুৰৰ পৰা ৰেচম বিদ্যাৰ এমহীয়া ৰিফ্ৰেশ্বাৰ পাঠ্যক্ৰম প্ৰশিক্ষণপ্ৰাপ্ত
জগদীশ শৰ্মাঅধ্যাপকবিজ্ঞানৰ স্নাতক আৰু PGDS (CSR&IT), মাইশোৰ
প্ৰবীণ চন্দ্ৰ শৰ্মাঅধ্যাপকমাইশোৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, CSRTI,. মাইশোৰত ৰেচম প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ
দুলুমণি দাসঅধ্যাপকযোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা ৰেচমৰ স্নাতকোত্তৰ

কৌশল উন্নীতকৰণ প্ৰশিক্ষণ

চৰকৰী ফাৰ্ম, ৰীলিং আৰু স্পীনিং কেন্দ্ৰৰ জৰিয়তে খেতিয়ক, ৰীলাৰ আৰু স্পীনাৰক কৌশল উন্নীতকৰণৰ প্ৰশিক্ষণ প্ৰদান। এড়ী স্পীনিং প্ৰশিক্ষণ কেন্দ্ৰত সহকাৰী প্ৰৱন্ধকসকলে প্ৰশিক্ষণ পৰিচলানা কৰে।

উদ্ঘাটনমূলক পৰিদৰ্শন

খেতিয়ক, ৰীলাৰ আৰু স্পীনাৰসকললৈ ৰাজ্যত তথা ৰাজ্যৰ বাহিৰ যেনে- কৰ্ণাটক, তামিলনাডু, পশ্চিমবংগ ইত্যাদিলৈ উদ্ঘাটনমূলক পৰিদৰ্শন কৰোৱা।