মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture ৰেচম সঞ্চালকালয়

লেটাগুটি বেংক

লেটাগুটি বেংকৰ জৰিয়তে ক্ৰয়-বিক্ৰয়

চিল্ক উত্পাদন, উত্পাদনশীলতা আৰু প্ৰতি বছৰে উত্পাদিত শস্যৰ সংখ্যা আদিৰ ক্ষেত্ৰত পৰম্পৰাগত ৰাজ্যসমূহৰ দৰে অপৰম্পৰাগতৰাজ্যসমূহ বা কিছুমান উত্তৰাঞ্চলৰ ৰাজ্যৰ ৰেচম উন্নত নহয়। বেছিভাগ অ-পৰম্পৰাগত ৰেচমৰ ৰাজ্যৰেই প্ৰতি বছৰে ধুবিধ বাণিজ্যিক শস্য উত্পাদন কৰে। এই অৱস্থাটোৱে ওপৰোক্ত ৰাজ্যসমূহৰ ৰীলিং গোট/ৰীলাৰসকলক কেঁচা মাল সংগ্ৰহ কৰিবলৈ আৰু অসময়ত ব্যৱহাৰৰ বাবে অতি কমেও ছমাহ সেইসমূহ জমা কৰি থবলৈ বাধ্য কৰে।

ৰাজ্যসমূহৰ ৰীলাৰসকলক/ৰীলিং গোটসমূহক সহায় কৰিবলৈ আৰু গোটেই বছৰ জুলি কেঁচা মালসমূহ উপলব্ধ কৰি ৰাখিবলৈ একাদশ পৰিকল্পনাৰ সময়ত ওদালগুৰি, কামৰূপ আৰু উত্তৰ লখিমপুৰ জিলাত লেটাগুটিৰ বেংক স্থাপন কৰা হৈছিল।

এড়ী কাট লেটা-গুটিৰ দৰ-

লেটা-গুটি ক্ৰয়ৰ বাবে ফ্লৰৰ দৰ লেটা-গুটি বেংকৰ উপদেষ্টা কমিটীৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয়।

লেটা-গুটি বেংকৰ দ্বাৰা উপকৃত হোৱাসকল

লেটা-গুটি খেতিয়ক-

লেটা-গুটি বেংকৰ পৰা অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্য যেনে- মেঘালয়, অৰুণাচল প্ৰদেশৰ জিলাসমূহৰ কৃষকসকল উপকৃত হব।

স্পীনাৰ –

ৰামপুৰ, বিজয়নগৰ, পলাশবাৰী, ছয়গাঁৱৰ স্পীনাৰসকলে লেটা-গুটি বেংকৰ পৰা এড়ীৰ লেটা-গুটি লৈ যায় আৰু পৰম্পৰাগত আহিলা টাকলিত কাটি বিজয়নগৰ বজাৰত বিক্ৰী কৰে।

স্পীনিং মিল-

লেটা-গুটি বেংকৰ লেটা-গুটিসমূহৰ সিংহভাগেই স্থানীয় স্পীনিং মিল ডিমলগাঁও, কোকৰাঝাৰৰ সৰু স্পান মিল, ফেব্ৰিক প্লাছ প্ৰাইভেট লিমিটেড ব্যৱহাৰ কৰে।

২০১৩-১৪ৰ বাবে কৌশল-

SHGৰ ৰূপত সংহত কাৰ্যকলাপৰ জৰিয়তে ব্যক্তিগত পৰ্যায়ত ক্ষুদ্ৰ উত্পাদন সংগঠিত কৰা আৰু প্ৰত্যেকখন গাঁৱতে লেটা-গুটি সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা আৰু ৰেচম প্ৰদৰ্শনকাৰী আৰু ফেচিলিটেটৰৰ জৰিয়তে লেটা-গুটি সংগ্ৰহ কৰা।